ক্ৰেডিট স্ক’ৰৰ বিষয়ে সঘনাই সোধা ৫ টা প্ৰশ্নসমূহৰ উত্তৰ দিওঁ আঁহক!
তিনিটা অংকসমূহ যিবোৰৰ আপোনাৰ পৃথিৱীখনক প্ৰভাৱিত কৰিব পৰা ক্ষমতা আছে, সেইয়া হৈছে: আপোনাৰ ক্ৰেডিট স্ক’ৰ | স্ক’ৰ বেছি হোৱাই আপোনাৰ কিছু সপোনসমূহ সত্য হোৱাৰ বাবে আপোনাক সুবিধাসমূহ প্ৰদান কৰিব | কেৱল আপুনি ঋণসমূহ সহজে প্ৰাপ্ত নকৰিব, কিন্তু আপুনি নিম্ন সুদৰ হাৰো প্ৰাপ্ত কৰিব, যাৰ অৰ্থ হৈছে ঋণ গ্ৰহণ কৰাই আপোনাক কমকৈ ব্যয় কৰাব আৰু জীৱনভৰ গোটেই ম্যাদৰ সময়চোৱাত যথেষ্ট পৰিমাণৰ সঞ্চয় হ’ব | আৰু যেতিয়া কিবা এটাই আপোনাৰ জীৱনত বহুত প্ৰভাৱ পেলায়, আপুনি নেভাৱেনে আপুনি সেইয়া ভালদৰে বুজি লোৱাটো ভাল? দুখৰ বিষয় যে, হাজাৰ হাজাৰ ভাৰতীয়সকলে তেওঁলোকৰ পুঁজিৰ বাবে অন্ধ পদক্ষেপ গ্ৰহণ কৰে | প্ৰতিজনে তেওঁলোকৰ বিত্তসমূহ ভাল আকাৰত থকাটো বিচাৰে, কিন্তু বহুত কম লোকে এক ভাল ক্ৰেডিট ইতিবৃত্তি ৰক্ষণাবেক্ষণ দিবৰ বাবে কাম কৰে |
ইয়াত আপুনি আৰম্ভ কৰিব পৰাকৈ ক্ৰেডিট স্ক’ৰৰ বিষয়ে ৫ টা গুৰুত্বপূৰ্ণ আৰু প্ৰাথমিক প্ৰশ্নসমূহৰ তালিকাভুক্ত কৰা হৈছে:
- ক্ৰেডিট প্ৰতিবেদন কি হয়?
এই প্ৰশ্নটোৰ চমু উত্তৰ হৈছে: বহুতো! এখন বিশেষ ক্ৰেডিট প্ৰতিবেদনত ব্যক্তিগত চিনাক্তকাৰী তথ্য: ক্ৰেডিট একাউন্টসমূহৰ এখন তালিকা(ক্ৰেডিট সীমাকে ধৰি), একাউন্টৰ প্ৰকাৰ(ক্ৰেডিট কাৰ্ড, ঘৰৰ ঋণ, অটো ঋণ ইত্যাদি), আৰু এইবোৰ একাউন্টসমূহত আপোনাৰ পৰিশোধ কৰা ইতিবৃতি | চাৰিটা প্ৰধান ক্ৰেডিট প্ৰতিবেদন ব্যুৰসমূহৰ প্ৰতিটোতে উত্সসমূহৰ পৰা যেনে বেংক, এনবিএফচিসমূহে আপোনাক প্ৰদান কৰা ক্ৰেডিটৰ তথ্য সংকলন কৰা থাকে | এই সকলোবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি, এইবোৰ ক্ৰেডিট ব্যুৰসমূহে আপোনাৰ ক্ৰেডিট যোগ্যতা প্ৰতিফলিত কৰা এক ক্ৰেডিট স্ক’ৰ গণনা কৰে | যিহেতুকে ক্ৰেডিট প্ৰতিবেদনৰ প্ৰতিখনে স্ক’ৰ প্ৰদান কৰে, আপোনাৰ হয়তো চাৰিটা স্ক’ৰ থাকিব পাৰে | আপোনাৰ ক্ৰেডিট ইতিবৃতিৰ বিটং আৰু কিছু অংশ হয়তো চাৰিটা কোম্পানীসমূহৰ মাজত অলপ পৃথক হ’ব পাৰে | অৱশ্যে, আপোনাৰ ক্ৰেডিট ইতিবৃতিৰ বহল চবি এখন তুলনামূলকভাৱে সংগতিপূৰ্ণ হ’ব পাৰে |
- কি ধৰণৰ তথ্যৈ আপোনাৰ ক্ৰেডিট স্ক’ৰ প্ৰভাৱিত কৰিব পাৰে?
দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকসমূহে আপোনাৰ ক্ৰেডিট স্ক’ৰ প্ৰভাৱিত কৰিব পাৰে, সেইয়া হৈছে আপোনাৰ ঋণ পৰিশোধ কৰা আৰু আৰু কিমান সময়মতে আপুনি আপোনাৰ ইএমআই আৰু কাৰ্ডৰ দেয়সমূহ পৰিশোধ কৰে | যদিহে আপুনি আপোনাৰ দেয় পৰিশোধ কৰাত এক মাহ পিছুৱাই দিয়ে, তেনেহ’লে আপোনাৰ ক্ৰেডিট স্ক’ৰৰ কিছু প’ইন্ট নামি যাব পাৰে |
পৰৱৰ্তীটো হৈছে, ক্ৰেডিট অনুসন্ধানসমূহ | এইবোৰে আপোনাৰ ক্ৰেডিট স্ক’ৰ প্ৰভাৱিত কৰিব পাৰে | ইয়াত দুই ধৰণৰ ক্ৰেডিট অনুসন্ধানসমূহ আছে, নম্ৰ আৰু কঠিন | আপোনাৰ নিজস্ব স্ক’ৰ পৰীক্ষা কৰিবলৈ আপোনাৰ দ্বাৰা সম্পন্ন কৰা নম্ৰ অনুসন্ধানসমূহ আপোনাৰ ক্ৰেডিট স্ক’ৰৰ বাবে অপকাৰী হয়, কিন্তু এটা ঋণৰ বাবে আবেদন কৰাৰ সময়ত, ঋণদাতাসকলৰ দ্বাৰা সম্পন্ন কৰা কঠোৰ অনুসন্ধানসমূহে আপোনাৰ ক্ৰেডিট স্ক’ৰ নমাই দিব পাৰে, যাৰ ফলত আপুনি ঋণ নাপাবওঁ পাৰে |
নতুন ক্ৰেডিট একাউন্টসমূহ খোলা অথবা নতুন ঋণসমূহ লোৱাই প্ৰভাৱিত কৰিব পাৰে, কিন্তু এইয়া নিয়মীয়া আৰু সাময়িক পৰিশোধসমূহত প্ৰভাৱ পেলায় | ঋণদাতাসকলে তেওঁলোকৰ নিজস্ব বিবেচনাত ঋণগ্ৰহণ কৰোঁতাজনৰ ক্ৰেডিবিলিটী বা যোগ্যতা মূল্যায়ন কৰে | তেওঁলোকে যি ভাল পায়, সেই স্ক’ৰে ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকৰ বাবে বিশেষ এক স্কেলত তেওঁলোকৰ স্ক’ৰসমূহ জুখিব পাৰে | এইয়াও সম্ভৱ আছে যে, তেওঁলোকে হয়তো ক্ৰেডিট স্ক’ৰসমূ্হ সমূলি বিবেচনা নকৰিব পাৰে, কিন্তু ক্ৰেডিট প্ৰতিবেদনৰ বিষয়সমূহ বিবেচনা কৰিব পাৰে |
- আপোনাৰ স্ক’ৰটো ৭০০ তকৈ কম হয় | এতিয়া কি কৰিব?
আপোনাৰ ক্ৰেডিট স্ক’ৰ বছেৰেকত পৰীক্ষা কৰক, কমেও আচৰিতসমূহৰ পৰা বিৰত থাকিবলৈ! প্ৰতি বছৰে এক মুকলি ক্ৰেডিট প্ৰতিবেদনত চিআৰআইএফৰ সৈতে আপুনি স্বত্ববান হয় | আৰু, নহয়, আপুনি যদি এইয়া কৰে, আপোনাৰ ক্ৰেডিটত একো প্ৰভাৱ নপৰে-এইয়া “নম্ৰ” অনুসন্ধান বুলি বিবেচনা কৰা হয় |
যদিহে আপোনাৰ ক্ৰেডিট স্ক’ৰ ৭০০ তকৈ নিম্ন হয়, তেনেহ’লে আপোনাৰ ক্ৰেডিট প্ৰতিবেদনত আপুনি গভীৰভাৱে যোৱাটো উচিত আৰু নিম্ন ক্ৰেডিট স্ক’ৰৰ বাবে কাৰণসমূহ বিচাৰি উলিয়াব লাগে | আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰাহি পৰিমাণসমূহ আৰু ক্ৰেডিট ব্যৱহাৰ্য্য অনুপাতসমূহ চাওঁক | আপোনাৰ সৰ্বোচ্চ সীমাৰ আপুনি যিমানেই কাষত থাকিব, সিমানেই কম আপোনাৰ স্ক’ৰ হ’ব, সেয়ে ৰাহি পৰিমাণসমূহ পৰিশোধ কৰক, যদিহে আপুনি পাৰে | আপোনাৰ দ্বাৰা দায়িত্ব গ্ৰহণ নকৰা ক্ৰেডিট প্ৰতিবেদনত তালিকাভুক্ত ক্ৰুটি/তথ্যসমূহ পৰীক্ষা কৰক, এই ক্ষেত্ৰত, আপুনি আপোনাৰ তথ্য উন্নত কৰিবলৈ বেংক নতুবা ব্যুৰসমূহক তত্ক্ষণাত প্ৰতিবেদন কৰক |
এক দীঘলীয়া ক্ৰেডিট ইতিবৃতিৰ সৈতে আপোনাৰ ক্ৰেডিট কাৰ্ডসমূহ হঠাত বন্ধ কৰি দিয়াই আপোনাৰ ক্ৰেডিট স্ক’ৰত ঋণাত্মক ৰূপত প্ৰভাৱ পেলায় | আপুনি যিমানেই ধাৰ ল’ব, সিমানেই আপোনাৰ স্ক’ৰ প্ৰভাৱিত হয় | দীৰ্ঘদিনীয়াটো ভাল |
- এটা বেয়া ক্ৰেডিট স্ক’ৰ কিমান দীৰ্ঘ দিনৰ বাবে বৰ্তি থাকে?
ঋণসমূহৰ এক নিৰ্দিষ্ট ম্যাদ থাকে, আৰু সেয়ে আপোনাৰ ক্ৰেডিট প্ৰতিবেদনত এক নেতিবাচক তথ্য পৰিব | ক্ৰেডিট স্ক’ৰৰ বাবে ৭ বছৰৰ পাছত ক্ৰেডিট তথ্যৰ সকলো নেতিবাচক তথ্য মূল্যহীন হ’বলৈ আৰম্ভ কৰিব | নিশ্চিত হওঁক যে, আপোনাৰ সকলো পৰিশোধসমূহ আৰু আপোনাৰ ক্ৰেডিট কাৰ্য্যকলাপসমূহ সময়মতে আৰু নিয়মীয়াকৈ আপোনাৰ ক্ৰেডিট ব্যৱহাৰৰ স্থিৰতা দেখুওৱায় আৰু ঘটনাক্ৰমে ভাল দিশলৈ আপোনাৰ ক্ৰেডিট স্ক’ৰ ঠেলি দিয়ে |
- আপোনাৰ ক্ৰেডিট প্ৰতিবেদন কোনে চাব পাৰে?
আপোনাৰ ক্ৰেডিট প্ৰতিবেদন তথ্য ৰাজহুৱাকৈ সহজলভ্য নহয় আৰু আপোনাৰ অনুমতি সাপেক্ষেহে আপুনি এইয়া চাব পাৰে | যেতিয়া আপুনি এটা ঋণৰ বাবে আৰু ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰে, বেংকসমূহে পৰোক্ষভাৱে আপোনাৰ অনুমতি পাই যায়, যিহেতুকে তেওঁলোকে আপোনাৰ ক্ৰেডিট যোগ্যতা নিৰ্ধাৰণ কৰিবলৈ তথ্যৰ অনুসন্ধান কৰাৰ প্ৰয়োজন হয় আৰু আপোনাৰ ঋণ লোৱা পৰিমাণখিনি ঘূৰাই দিবলৈ ক্ষমতা আৰু সামৰ্থতা আছে |
এতিয়া আমি ক্ৰেডিট স্ক’ৰৰ প্ৰাথমিকসমূহৰ বিষয়ে ব্যাখা কৰিছো, দীঘলীয়াকৈ অপেক্ষা কৰিব নালাগে, এইবোৰ পদক্ষেপসমূহ অনুসৰণ কৰক আৰি এতিয়াই এক ভাল ক্ৰেডিট ইতিবৃতি গঢ়ি তুলিবলৈ আৰম্ভ কৰক!