ক্ৰেডিট উপযোগীকৰণ অনুপাত: এইয়া কেনেকৈ কাম কৰে আৰু ইয়াক কেনেকৈ উন্নত কৰিব পাৰি

CRIF Credit Utilization Ratio

ক্ৰেডিট উপযোগীকৰণ অনুপাত বা ক্ৰেডিট ইউটিলাইজেশ্বন ৰেচিও হৈছে আপোনাৰ ক্ৰেডিট স্ক’ৰ নিৰ্ধাৰণ কৰাৰ এক প্ৰধান উপাদান, সেয়ে এইয়া কেনেকৈ কাম কৰে সেইয়া বুজি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ হয় | মুঠতে, এক ভাল ক্ৰেডিট স্ক’ৰে আপোনাক উচ্চ ঋণৰ পৰিমাণ আৰু নিম্ন সুদৰ হাৰৰ বাবে আপোনাক যোগ্যতা প্ৰদান কৰিব, যদিও এক নিম্ন ক্ৰেডিট স্ক’ৰে আপোনাৰ বিত্তীয় প্ৰত্যাশাসমূহ প্ৰাপ্ত কৰাটো কঠিন কৰি তুলিব পাৰে | এই ব্ল’গত, আমি নিম্নলিখিতসমূহ সামৰি লৈ ক্ৰেডিট উপযোগীকৰণৰ বিষয়ে আপুনি জানিব লগা প্ৰতিটো কথাকে সাঙুৰিবলৈ চেষ্টা কৰিম |

  • ক্ৰেডিট উপযোগীকৰণ অনুপাত কি হয়?
  • ক্ৰেডিট উপযোগীকৰণ অনুপাত কেনেকৈ গণনা কৰা হয়?
  • এটা ভাল ক্ৰেডিট উপযোগীকৰণ অনুপাত কি হয়?
  • ক্ৰেডিট উপযোগীকৰণ অনুপাত কেনেকৈ উন্নত কৰিব?

 

আঁহক, ক্ৰেডিট উপযোগীকৰণ অনুপাত কি হয় (?), তাৰে পৰা আৰম্ভ কৰোঁ:-

আপোনাৰ ক্ৰেডিট উপযোগীকৰণৰ হাৰক, কেতিয়াবা ইয়াক আপোনাৰ ক্ৰেডিট উপযোগীকৰণৰ অনুপাত বুলিও কোৱা হয়, এইয়া হৈছে আপোনাৰ ক্ৰেডিট সীমালৈ আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰাহি পৰিমাণৰ অনুপাত | ব্যৱহৃত স্ক’ৰিং আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰি, এইবোৰে আপোনাৰ ক্ৰেডিট স্ক’ৰৰ ২০-৩০%ৰ ওপৰত প্ৰভাৱ পেলাব পাৰে | যদিহে আপুনি কেতিয়াও ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা নাই আৰু সেইবোৰৰ ওপৰত ৰাহি পৰিমাণ বা বেলেঞ্চ নাই, আপোনাৰ ক্ৰেডিট উপযোগীকৰণ শূণ্য হ’ব | যদিহে আপুনি বিশেষভাৱে এটা বা তাতোধিক কাৰ্ডসমূহৰ ওপৰত ৰাহি টকা বা বেলেঞ্চ বহন কৰি আছে, আপুনি আপোনাৰ বাবে সহজলভ্য ক্ৰেডিটৰ কিছু অংশ “ব্যৱহাৰ” কৰিছে- ঋণদাতাসকলে আৰু ক্ৰেডিট ব্যুৰসমূহে এইবোৰৰ নোট ল’ব | অন্যহাতে আপোনাৰ ক্ৰেডিট কাৰ্ডসমূহৰ এক-ফলীয়া উচ্চ স্তৰৰ উপযোগীকৰণৰ হাৰে হয়তো আপোনাৰ ক্ৰেডিট স্ক’ৰত প্ৰকৃততে প্ৰভাৱ নেপেলাব পাৰে, কিন্তু আপোনাৰ ক্ৰেডিট স্ক’ৰে নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পেলাব পাৰে, যদিহে নিয়মীয়া ভিত্তিত ক্ৰেডিট উপযোগীকৰণৰ হাৰ উচ্চ হৈ থাকে |

 

 ক্ৰেডিট উপযোগীকৰণৰ অনুপাত কেনেকৈ গণনা কৰা হয়?

প্ৰতিটো ক্ৰেডিট কাৰ্ড(কাৰ্ডৰ ৰাহি পৰিমাণক কাৰ্ডৰ সীমাৰে বিভাজন কৰি)ৰ বাবে আৰু এক সৰ্বমুঠৰ ভিত্তিত(সকলো কাৰ্ডসমূহৰ সৰ্বমুঠ ৰাহি পৰিমাণক ক্ৰেডিট সীমাসমূহৰ সমষ্টিৰে বিভাজন কৰি)ক্ৰেডিট উপযোগীকৰণৰ অনুপাত গণনা কৰিব পৰা যায় |

উদাহৰণ স্বৰূপে:

 ৰাহি পৰিমাণক্ৰেডিট সীমাক্ৰেডিট উপযোগীকৰণৰ অনুপাত
কাৰ্ড 1₹০₹৫০,০০০০%
কাৰ্ড 2₹৮০,০০০₹১০০,০০০৮০%
কাৰ্ড 3₹১০,০০০₹৭৫,০০০১৩.৩%

 

মুঠ ক্ৰেডিট কাৰ্ড ৰাহি টকা / মুঠ সহজলভ্য ক্ৰেডিট =   ক্ৰেডিট উপযোগীকৰণৰ অনুপাত

এই ক্ষেত্ৰত ক্ৰেডিট উপযোগীকৰণৰ অনুপাত ৪০% হ’ব |

 

এটা ভাল ক্ৰেডিট উপযোগীকৰণ অনুপাত কি হয় ?

ক্ৰেডিট উপযোগীকৰণৰ সাধাৰণ নিয়ম হৈছে ৩০-৪০ শতাংশৰ ভিতৰত থকাটো | এইয়া প্ৰতিখন ব্যক্তিগত কাৰ্ডতে আৰু আপোনাৰ মুঠ ক্ৰেডিট উপযোগীকৰণৰ অনুপাতত প্ৰযোজ্য হয় | ওপৰত উল্লেখিত শতাংশতকৈ বেছি হোৱা যিকোনোৱেই আপোনাৰ ক্ৰেডিট স্ক’ৰ ডুবাই দিব পাৰে, যিহেতুকে ঋণদাতাই ইয়াক আপোনাৰ এক ঋণৰ বাবে ভোকাতুৰ হৈ থকা ব্যৱহাৰৰ সৈতে জোৰাব পাৰে |

ইয়াৰ অৰ্থ এইয়া নহয় যে, কোনো ব্যক্তিয়ে যিকোনো কাৰ্ডৰ ওপৰত কেতিয়াও ৪০% তকৈ অতিৰিক্ত অতিক্ৰম কৰিব নোৱাৰে | ক্ৰেডিট স্কৰৰ ওপৰত প্ৰভাৱ তেতিয়াহে বেছি হয়, যদিহে উচ্চ উপযোগীকৰণ যোৱা ৬-১২ মাহত এক সাধাৰণ নমুনা বা পেটাৰ্ণ যেন লাগে |

অৱশেষত, আপোনাৰ ক্ৰেডিট উপযোগীকৰণৰ হাৰ আৰু তলত উল্লেখ কৰা স্মাৰ্ট পদক্ষেপসমূহৰ পৰিণামস্বৰূপে আপোনাৰ ক্ৰেডিট স্ক’ৰ উন্নত কৰক:

  1. অতি সঘনাই ভিত্তিক ক্ৰেডিট কাৰ্ডসমূহ পৰিশোধ কৰি থাকক-যদিও আপুনি বিভিন্ন লেনদেনসমূহত, কাৰ্ডৰ সুবিধাসমূহ প্ৰাপ্ত কৰাৰ বাবে আপোনাৰ ক্ৰেডিট কাৰ্ডসমূহ ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰাহি পৰিমাণখিনি, প্ৰতি মাহতে ন্যূনতমকৈ অধিক আৰু সঘনাই পৰিশোধ কৰি হ্ৰাস কৰিবলৈ চেষ্টা কৰক | উদাহৰণ স্বৰূপে, আনকি যদিও ক্ৰেডিট কাৰ্ডৰ বিবৃতি মাহেকীয়া ভিত্তিত তৈয়াৰ কৰা হয়, আপুনি প্ৰতি ১০ দিনত আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ৰাহি পৰিমাণখিনি পৰিশোধ কৰি থাকিব পাৰে | এনেদৰে কৰিলে, আপোনাৰ ক্ৰেডিট সীমা পুনৰায় পুৰ্তি হৈ থাকিব আৰু এইদৰে, আপোনাৰ ক্ৰেডিট উপযোগীকৰণৰ হাৰসমূহ নিম্ন হিচাপে দৃশ্যমান হ’ব |
  2. এক উচ্চ ক্ৰেডিট কাৰ্ডৰ সীমা প্ৰাপ্ত কৰা- যদিহে আপুনি বিশ্বাস কৰে যে, আপুনি কাৰ্য্যকৰীভাৱে ক্ৰেডিট কাৰ্ডৰ দেয় ৰাশি আৰু আপোনাৰ নিয়মীয়া আদায়সমূহৰ মাজত ইফাল-সিফাল কৰি থাকিব পাৰে, তেনেহ’লে আপুনি আপোনাৰ বেংকৰ পৰা এক উচ্চ ক্ৰেডিট সীমা বিচাৰিব পাৰে | প্ৰদত্ত চলিত ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ একে থাকিব লাগিব, ক্ৰেডিট উপযোগীকৰণৰ হাৰ স্বয়ংক্ৰিয়ভাৱে হ্ৰাস হ’ব, যিহেতুকে ব্যৱহাৰ্য্য সীমা বৃদ্ধি হৈছে | অৱশ্যে, এনে সময়ত, আপুনি সাৱধান হোৱা উচিত যে, এক উচ্চ ক্ৰেডিট সীমাই হয়তো আপোনাক অধিক ব্যয় কৰাৰ বাবে উত্তেজিত কৰি তুলিব পাৰে|
  3. সীমাসমূহ কাৰ্য্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে কেইবাটাও ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা- যদিহে আপুনি কেইবাটাও ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, সকলো লেনদেনসমূহৰ বাবে এটা প্ৰাথমিক ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিভিন্ন লেনদেনসমূহৰ বাবে বিভিন্ন কাৰ্ডসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক | এনেদৰে কৰিলে, আপোনাৰ এখন কাৰ্ডৰ বাবে এক অতি উচ্চ উপযোগীকৰণৰ হাৰ আৰু অন্যান্য কাৰ্ডসমূহৰ বাবে অতি নিম্ন/শূণ্য উপযোগীকৰণ থকাৰ পৰিৱৰ্তে, সকলো ক্ৰেডিট কাৰ্ডসমূহৰ বাবে এক নিম্ন ক্ৰেডিট উপযোগীকৰণৰ হাৰ থাকিব|
  4. দেয়খিনি পৰিশোধ কৰাৰ পাছত কাৰ্ডসমূহ মুকলিকৈ এৰি দিয়া- কাৰ্ডৰ দেয় ৰাশিসমূহ পৰিশোধ কৰাৰ পিছত আপোনাৰ সৰ্বমুঠ বেলেঞ্চ বা ৰাহি টকা হ্ৰাস হৈ যায় | কাৰ্ডখন মুকলিকৈ ৰাখি, আপুনি আপোনাৰ মুঠ ক্ৰেডিট সীমা বজাই ৰাখিছে- এইদৰে আপোনাৰ ক্ৰেডিট উপযোগীকৰণৰ অনুপাত নিম্ন হৈছে |

আপুনি নিয়মীয়া ভিত্তিত আপোনাৰ ক্ৰেডিট স্ক’ৰ নিয়ন্ত্ৰণ কৰা উচিত আৰু শ্ৰেষ্ঠ ক্ৰেডিট অভ্যাসমূহৰ সহায়ত এক ভাল ক্ৰেডিট স্ক’ৰ বজাই ৰাখিবলৈ চেষ্টা কৰক | আপুনি চিআৰআইএফ( CRIF)ৰ দ্বাৰা নিম্নলিখিত লিংকত আপোনাৰ ক্ৰেডিট স্ক’ৰো পৰীক্ষা কৰিব পাৰে |

Check Your Credit Score Now

 

 

Facebooktwittergoogle_pluslinkedinmail
youtube